as_gen_text_ulb/50/24.txt

1 line
1.3 KiB
Plaintext

\v 24  পাছত যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “মই এতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছোঁ; কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব আৰু অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব।” \v 25  তাৰ পাছত যোচেফে ইস্ৰায়েলৰ সন্তান সকলক শপত কৰালে। তেওঁ ক’লে, “ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব। সেই সময়ত নিশ্চয়কৈ তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা।” \v 26  এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা কফিনত ভৰাই ৰখা হ’ল।