as_gen_text_ulb/50/04.txt

1 line
1.2 KiB
Plaintext

\v 4  সেই শোকৰ দিন অতীত হোৱাৰ পাছত, যোচেফে ফৰৌণৰ অধিকাৰীসকলক ক’লে, “মই যদি আপোনালোকৰ আগত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহলে বিনয় কৰোঁ, ফৰৌণৰ ওচৰত এই কথা কওক যে, \v 5  ‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।” \v 6  তেতিয়া ফৰৌণে ক’লে, “যোৱা; তোমাৰ পিতৃয়ে তোমাক শপত কৰোঁৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ।”