as_gen_text_ulb/50/01.txt

1 line
1.1 KiB
Plaintext

\v 1  তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে। \v 2  পাছত যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধিদ্ৰব্যযুক্ত কৰি ৰাখিবলৈ, তেওঁৰ দাস চিকিৎসকসলক আজ্ঞা দিলে; তাতে চিকিৎসকসকলে ইস্ৰায়েলৰ দেহ সুগন্ধিদ্ৰব্যযুক্ত কৰিলে। \v 3  তেওঁলোকে এই কাৰ্যত চল্লিশ দিন সময় ল’লে; কিয়নো সেই কাৰ্য কৰিবলৈ সিমান দিন প্ৰয়োজন হয়। পাছত মিচৰীয়াসকলে তেওঁৰ কাৰণে সত্তৰ দিন শোক কৰিলে। যাকোবক মৈদাম দিয়া। যোচেফৰ মৃত্যু।