as_gen_text_ulb/47/07.txt

1 line
1017 B
Plaintext

\v 7  তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে। \v 8  ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?” \v 9  যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।” \v 10  তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল।