as_gen_text_ulb/46/12.txt

1 line
882 B
Plaintext

\v 12  যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল। \v 13  ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ। \v 14  জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল। \v 15  জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।