as_gen_text_ulb/44/20.txt

1 line
1.0 KiB
Plaintext

\v 20  তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে। \v 21  পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’ \v 22  তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’