as_gen_text_ulb/43/28.txt

1 line
809 B
Plaintext

\v 28  তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে। \v 29  তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।”