as_gen_text_ulb/43/18.txt

1 line
1.0 KiB
Plaintext

\v 18  যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।” \v 19  সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল। \v 20  তেওঁলোকে ক’লে, মহাশয়, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ;