as_gen_text_ulb/40/06.txt

1 line
1.1 KiB
Plaintext

\v 6  ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে। \v 7  তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?” \v 8  তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”