as_gen_text_ulb/39/13.txt

1 line
963 B
Plaintext

\v 13  তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি, \v 14  তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ; \v 15  মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”