as_gen_text_ulb/39/10.txt

1 line
1004 B
Plaintext

\v 10  পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল। \v 11  এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল। \v 12  পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।