as_gen_text_ulb/37/34.txt

1 line
1.1 KiB
Plaintext

\v 34  তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহুদিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে। \v 35  তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে। \v 36  আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, পৰীয়া সকলৰ সেনাপতি।