as_gen_text_ulb/37/31.txt

1 line
879 B
Plaintext

\v 31  তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে। \v 32  পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক’লে, “এইটো আমি পালোঁ; চাওকচোন, এইটো আপোনাৰ পুত্রৰ চোলা হয় নে নহয়।” \v 33  যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”