as_gen_text_ulb/37/27.txt

1 line
997 B
Plaintext

\v 27  কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল। \v 28  সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।