as_gen_text_ulb/34/24.txt

1 line
1007 B
Plaintext

\v 24  তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল। \v 25  তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে। \v 26  তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে।