as_gen_text_ulb/34/14.txt

1 line
1.3 KiB
Plaintext

\v 14  তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়। \v 15  কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব। \v 16  তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম। \v 17  কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।”