as_gen_text_ulb/33/15.txt

1 line
1.0 KiB
Plaintext

\v 15  এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ প্ৰভুৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।” \v 16  পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল; \v 17  যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল। চিখিম নগৰত যাকোব