as_gen_text_ulb/33/12.txt

1 line
1.2 KiB
Plaintext

\v 12  পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।” \v 13  যাকোবে তেওঁক ক’লে, “মোৰ প্ৰভুৱেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব। \v 14  তাতোকৈ বৰং মোৰ প্ৰভুৱে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”