as_gen_text_ulb/33/09.txt

1 line
1.1 KiB
Plaintext

\v 9  তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকে থাকক।” \v 10  যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰিছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে আপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে। \v 11  বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।