as_gen_text_ulb/31/14.txt

1 line
926 B
Plaintext

\v 14  তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে? \v 15  তেওঁ আমাক বিদেশীনীৰূপে গণ্য কৰা নাই নে? কিয়নো তেওঁ আমাক বেচিলে আৰু বেচি পোৱা ধনকো তেওঁ গ্ৰাস কৰিলে। \v 16  কাৰণ ঈশ্বৰে আমাৰ পিতৃৰ পৰা যি সকলো সম্পত্তি নিলে, সেই সকলোবোৰ এতিয়া নিশ্চয়ে আমাৰ আৰু আমাৰ সন্তান সকলৰ; গতিকে ঈশ্বৰে আপোনাক যি দৰে কৈছে আপুনি এতিয়া সেইদৰেই কৰক।”