as_gen_text_ulb/31/07.txt

1 line
1.0 KiB
Plaintext

\v 7  তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে। \v 8  যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে। \v 9  এইদৰেই ঈশ্বৰে তোমালোকৰ পিতৃৰ পশুবোৰ নি মোক দিলে।