as_gen_text_ulb/31/01.txt

1 line
902 B
Plaintext

\v 1  পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।” \v 2  যাকোবেও লক্ষ্য কৰিলে যে তেওঁৰ প্রতি লাবনৰ আগৰ সেই মনোভাৱ সলনি হৈছে। \v 3  তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”