as_gen_text_ulb/29/15.txt

1 line
1.0 KiB
Plaintext

\v 15  এদিন লাবনে যাকোবক ক’লে, “তুমি মোৰ আত্মীয় হোৱা বাবে জানো বিনা পাৰিশ্রমিকেৰে মোৰ সেৱা কৰা উচিত? তুমি কি বেচ লবা, তাক মোক কোৱা।” \v 16  লাবনৰ দুজনী জীয়েক আছিল; তাৰে বৰ জনীৰ নাম লেয়া আৰু সৰু জনীৰ নাম ৰাহেল। \v 17  লেয়াৰ চকু দুটা নিস্তেজ আছিল; কিন্তু ৰাহেল গঠণত ধুনীয়া আৰু দেখনীয়াৰ আছিল। \v 18  যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।”