as_gen_text_ulb/29/01.txt

1 line
1.1 KiB
Plaintext

\v 1  পাছত যাকোবে যাত্ৰা কৰি কৰি পূৱদেশীয় লোকসকলৰ দেশ পালেগৈ। \v 2  তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল। \v 3  যেতিয়া মেৰ-ছাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰ-ছাগবোৰক পানী খুৱায় আৰু তাৰ পাছত পুণৰায় নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে।