as_gen_text_ulb/28/12.txt

1 line
862 B
Plaintext

\v 12  তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু \v 13  যিহোৱাই তেওঁৰ ওচৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।