as_gen_text_ulb/26/06.txt

1 line
972 B
Plaintext

\v 6  সেই বাবে ইচহাকে গৰাৰত বসবাস কৰিছিল। \v 7  সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে তেওঁৰ ভার্য্যা বুলি পৰিচয় নিদিলে। \v 8  পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িকিৰে চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।