as_gen_text_ulb/22/20.txt

1 line
722 B
Plaintext

\v 20  এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।” \v 21  তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম। \v 22  অন্যান্য সন্তান সকল কেচদ, হজো, পিলদচ, ফিদলফ, আৰু বথোৱেল।