as_gen_text_ulb/22/04.txt

1 line
1.0 KiB
Plaintext

\v 4  তিন দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে। \v 5  তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ উপাসনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।” \v 6  এই বুলি কৈ অব্ৰাহামে হোমবলিৰ খৰিখিনি তেওঁৰ পুত্ৰ ইচহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল’লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঁঢ়ি যাবলৈ ধৰিলে।