as_gen_text_ulb/22/01.txt

1 line
1.3 KiB
Plaintext

\v 1  এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।” \v 2  তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া অঞ্চললৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলি উৎসর্গ কৰাগৈ।” \v 3  সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে যথেষ্ট পৰিমানৰ খৰ গোটালে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।