as_gen_text_ulb/18/09.txt

1 line
765 B
Plaintext

\v 9  তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ খন, তম্বুৰ ভিতৰত আছে।” \v 10  তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্ত কালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰ মুখত থাকি সকলো কথা শুনি আছিল।