as_gen_text_ulb/16/05.txt

1 line
1.2 KiB
Plaintext

\v 5  সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱাই আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।” \v 6  অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল। হাগাৰৰ পুত্র ইশ্মায়েল