as_gen_text_ulb/15/09.txt

1 line
1.1 KiB
Plaintext

\v 9  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।” \v 10  অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে। \v 11  পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।