as_gen_text_ulb/12/01.txt

1 line
1.1 KiB
Plaintext

\v 1  যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা। \v 2  মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা। \v 3  যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”