as_gen_text_ulb/02/21.txt

1 line
1006 B
Plaintext

\v 21  সেয়ে ঈশ্বৰ যিহোৱাই মানুহৰ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। \v 22  ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। \v 23  তেতিয়া মানুহে ক’লে, “এতিয়া; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”