as_gen_text_ulb/46/28.txt

1 line
1.1 KiB
Plaintext

\v 28  যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে। \v 29  যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে। \v 30  ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”