as_gen_text_ulb/46/01.txt

1 line
1.3 KiB
Plaintext

\v 1  ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। \v 2  ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ সৈতে কথা পাতি ক’লে; “যাকোব, হে যাকোব।” যাকোবে ক’লে, “মই আছোঁ।” \v 3  ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম। \v 4  মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”