as_gen_text_ulb/43/03.txt

1 line
923 B
Plaintext

\v 3  যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’ \v 4  এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম। \v 5  কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”