as_gen_text_ulb/42/35.txt

1 line
936 B
Plaintext

\v 35  তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়েও ভয় খালে। \v 36  তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”