as_gen_text_ulb/41/14.txt

1 line
1.1 KiB
Plaintext

\v 14  তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল। \v 15  তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।” \v 16  তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”