as_gen_text_ulb/35/16.txt

1 line
1.6 KiB
Plaintext

\v 16  তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে। \v 17  প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ ভাবে বাঢ়ছিল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।” \v 18  কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে। \v 19  ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে। \v 20  যাকোবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাবে সেই ঠাইত আছে।