as_gen_text_ulb/34/11.txt

1 line
1018 B
Plaintext

\v 11  চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম। \v 12  বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।” \v 13  যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।