as_gen_text_ulb/34/06.txt

1 line
726 B
Plaintext

\v 6  চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল। \v 7  এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, তাতোকৈ অধিক খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকক বলাৎকাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।