as_gen_text_ulb/31/51.txt

1 line
1.1 KiB
Plaintext

\v 51  লাবনে যাকোবক আৰু ক’লে, “এই স্তূপটোলৈ চোৱা আৰু এই যি স্তম্ভটো মই তোমাৰ আৰু মোৰ মাজত স্থাপন কৰিলোঁ, তাৰ ফালেও চোৱা; \v 52  এই স্তূপ আৰু স্তম্ভ দুয়োটাই এই কথাৰ সাক্ষী হৈ থাকিল যে, এই স্তূপ পাৰ হৈ মই তোমাৰ অপকাৰ কৰিবলৈ নাযাওঁ আৰু তুমিও এই স্তূপ আৰু স্তম্ভ পাৰ হৈ মোৰ অপকাৰ কৰিবলৈ নাহিবা। \v 53  তেনে কৰিলে অব্ৰাহামৰ ঈশ্বৰ আৰু নাহোৰ ও তেওঁলোকৰ পিতৃৰো ঈশ্বৰে যেন আমাৰ বিচাৰ কৰে।” তেতিয়া যাকোবে তেওঁৰ পিতৃ ইচহাকে ভয় ৰখা ঈশ্বৰৰ নামেৰে শপত খালে।