as_gen_text_ulb/30/01.txt

1 line
718 B
Plaintext

\v 1  ৰাহেলে যেতিয়া দেখিলে যে তেওঁ যাকোবলৈ কোনো সন্তান জন্ম দিব পৰা নাই, তেতিয়া বায়েকক হিংসা কৰিবলৈ ধৰিলে। ৰাহেলে যাকোবক ক’লে, “মোক সন্তান দিয়া, নহ’লে মই মৰিম।” \v 2  তেতিয়া ৰাহেললৈ যাকোবৰ অতিশয় খং উঠিল। তেওঁ ক’লে, “যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি?”