as_gen_text_ulb/27/36.txt

1 line
1.2 KiB
Plaintext

\v 36  তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?” \v 37  তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”