as_gen_text_ulb/24/42.txt

1 line
1.2 KiB
Plaintext

\v 42  সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক’লো, ‘হে যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰা সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা \v 43  তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’। \v 44  তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক।