as_gen_text_ulb/24/28.txt

1 line
1.0 KiB
Plaintext

\v 28  পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে। \v 29  ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল। \v 30  তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰিবেকাৰ মুখেৰে যেতিয়া তেওঁ এই কথা ক’লে, বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ’ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল।