as_gen_text_ulb/24/21.txt

1 line
880 B
Plaintext

\v 21  তাতে সেই দাসে তাইৰ সকলো কর্ম নীৰৱে লক্ষ্য কৰি আছিল। তেওঁ নিশ্চিত হ’ব বিচাৰিছিল যে যিহোৱাই তেওঁৰ যাত্রা সফল কৰিছে নে নাই। \v 22  উটবোৰে পানী খাই শেষ কৰাৰ পাছত, সেই দাসজনে আধা চেকল সোণৰ এটা নথ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক’লে, \v 23  “কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ, এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত আমাৰ বাবে ঠাই হ’ব নে?”