as_gen_text_ulb/23/10.txt

1 line
893 B
Plaintext

\v 10  তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, \v 11  “নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”