as_gen_text_ulb/18/27.txt

1 line
750 B
Plaintext

\v 27  অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ; \v 28  যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।”